পশ্চিম ছিকিমত উন্মোচিত হ’ল ১৩৭ ফুট উচ্চতাৰ বুদ্ধৰ প্ৰতিমূৰ্তি

Saturday, 05 December 2020

দৈনিক বাতৰি

পশ্চিম ছিকিমত উন্মোচিত হ’ল ১৩৭ ফুট উচ্চতাৰ বুদ্ধৰ প্ৰতিমূৰ্তি

জি প্লাছ নিউজডেস্ক | November 01, 2018 16:30 hrs

গুৱাহাটী - বৃহস্পতিবাৰে পশ্চিম ছিকিমৰ পেলিঙত উন্মোচন কৰা হয় বিশ্বৰ সবাতোকৈ ওখ বুদ্ধৰ প্ৰতিমূৰ্তি। আজি মুখ্যমন্ত্ৰী পৱন চামলিঙে উন্মোচন কৰিব বুদ্ধৰ প্ৰতিমূৰ্তিটো। প্ৰতিমূৰ্তিটোৰ উচ্চতা ১৩৭ ফুট।

উল্লেখ্য যে ২০০৯ চনত নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল এই প্ৰতিমূৰ্তিটোৰ নিৰ্মাণকাৰ্যত ব্যয় হৈছে ৪৬.৬৫ কোটি টকা। এই বুদ্ধমূৰ্তিটোৱে পৰ্যটকক ছিকিমলৈ অধিক আকৰ্ষিত কৰিব বুলি আশা ব্যক্ত কৰিছে ছিকিম চৰকাৰে।

প্ৰতিনিধিত্বমূলক ছবি