অসমৰ ২১ টা চিত্ৰগৃহত আজি মুক্তি পালে শৈশৱতে ধেমালিতে
দৈনিক বাতৰি

অসমৰ ২১ টা চিত্ৰগৃহত আজি মুক্তি পালে শৈশৱতে ধেমালিতে

জি প্লাছ নিউজডেস্ক | February 08, 2019 18:51 hrs

গুৱাহাটী, ৮ ফেব্ৰুৱাৰী – ইতিমধ্যেই দেশে বিদেশে ভালেমান পদক বুটলিবলৈ সক্ষম হোৱা অসমীয়া ছবি শৈশৱতে ধেমালিতে আজি সমগ্ৰ ৰাজ্যজুৰি মুক্তি দিয়া হৈছে। ৰাজ্যৰ মুঠ ২১ টা চিত্ৰগৃহত একেলগে মুক্তিলাভ কৰিছে বিদ্যুত কটকী পৰিচালিত ছবিখন। উল্লেখ্য যে বিদ্যুত কটকীৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে প্ৰবীণ অভিনেতা ভিক্টৰ বেনাৰ্জী, নিপণ গোস্বামী, ছুপাৰমডেল তথা অভিনেত্ৰী দীপান্বিতা শৰ্মা, নকুল বৈদ, নাভেদ আছলাম, জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱাৰ লগতে এদল শিশুশিল্পীয়ে।

আজি গুৱাহাটীৰ লগতে ডিব্ৰুগড়, বঙাইগাওঁ, ছয়গাওঁ, গোলাঘাট, যোৰহাট, লখিমপুৰ, মঙলদৈ, মৰাণহাট, নাজিৰা, নগাওঁ, পাঠশালা, ৰঙিয়া, শিৱসাগৰ, টংলা আৰু তিনিচুকীয়াৰ বিভিন্ন চিত্ৰগৃহত মুক্তি দিয়া হৈছে। প্ৰথমটো দিনতে ছবিখনৰ প্ৰতি দৰ্শকৰ সঁহাৰি আছিল উল্লেখনীয়। 

ইফালে প্ৰথমটো দিনে আজি সংবাদ মাধ্যম আৰু উত্সাহ নামৰ এক বেচৰকাৰী সংস্থাৰ শিশুসকলৰ বাবে বিশেষ দৰ্শনীৰো আয়োজন কৰা হৈছিল। এই বিশেষ দৰ্শনীত আজি উপস্থিত থাকে ছ্বিৰ পৰিচালক বিদ্যুত কটকীৰ লগতে অভিনেতা নিপন গোস্বামী আৰু ছবিখনত অভিনয় কৰা শিশু শিল্পীৰ দলটো। ছবি দৰ্শনীৰ প্ৰাকমুহুৰ্ত্তত ছবি পৰিচালক বিদ্যুত কটকীয়ে কয়, ছবিখনৰ প্ৰতি দৰ্শকে দেখুওৱা সঁহাৰিয়ে সঁচাকৈয়ে আপ্লুত কৰি তুলিছে। দৰ্শকেৰে ভৰি থকা চিত্ৰগৃহই তাৰ প্ৰমাণ। অসমৰ এখন জীয়া ছবি তুলি ধৰিবলৈ চেষ্টা কৰা এই ছবিখন চাবলৈ সকলোকে অনুৰোধ জনাইছো।

ইফালে ছবিখনত কৰা অভিনয় সন্দৰ্ভত ছবিৰ শিশুশিল্পীসকলে কয়, ছবিখনৰ অংশ হৈ, আমাৰ মা-দেউতাই কোৱা বিভিন্ন অভিজ্ঞতাৰ সৈতে নিজকে ৰিজাব পাৰিছো।

শিশুশিল্পৰ দলটোৰ এগৰাকী শিল্পী আকৃষ্টা কাশ্যপে কয়, ছবিখনত কৰা অভিনয়ৰ অভিজ্ঞতা নিসন্দেহে অনন্য, আৰু মোৰ দেউতাৰ শৈশৱক এই ছ্বিখনৰ মাজেৰে মই দেখিবলৈ পাইছো। সেই সময়ত তেওঁৰ অনুভৱবোৰ চকুৰ সমূখত দেখিবলৈ পাইছো।

উল্লেখ্য যে শৈশৱতে ধেমালিতে ছবিখন প্ৰযোজনা কৰিছে মুম্বাইৰ ইণ্ডিয়া ষ্টোৰিজে, ইফালে বিদ্যুত কটকীৰ ধ্ৰুৱ ক্ৰিয়েটিভ প্ৰডাকশ্যন সহযোগী প্ৰযোজনা সংস্থা হিচাপে জড়িত হৈ আছে। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্মাছানা ক্ৰিয়েটছ আৰু মুকুল গগৈ এই ছবিৰ সহযোগী প্ৰযোজক হিচাপে জড়িত আছে। ডুবাইৰ জানি বিশ্বনাথ এই ছবিৰ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে। জানিব পৰামতে, তেওঁ হীলিং লাইভছ নামৰ বেচৰকাৰী সংস্থাযোগে এই ছবিখনৰ পৰা লাভ কৰা সমুদায় ধন পুনৰ অসমলৈ উভতাই পঠিওৱা হব। উল্লেখ্য যে ২০১৮ চনৰ জানুৱাৰী মাহত এই ছবিখন প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মুক্তি দিয়া হৈছে।

Banner

নিপন গোস্বামীৰ সৈতে শিশুশিল্পীসকল