আটকাধীন বিদেশী - অসম চৰকাৰৰ প্ৰস্তাৱক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয়

Tuesday, 17 September 2019

দৈনিক বাতৰি

আটকাধীন বিদেশী - অসম চৰকাৰৰ প্ৰস্তাৱক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয়

জিপ্লাছ ব্যুৰো | April 26, 2019 11:01 hrs

গুৱাহাটী - অসমত আটকাধীন হৈ থকা বিদেশী লোক সন্দৰ্ভত অসম চৰকাৰে আগবঢ়োৱা এক প্ৰস্তাৱক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে ৰাজ্যত পাচবছৰ ধৰি আটকাধীন হৈ থকা বিদেশী লোকক এক দলিল আৰু বায়’মেট্ৰিক তথ্য গ্ৰহণৰ পিছতেই মুকলি কৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল ৰাজ্য চৰকাৰে। 

আজি অসমৰ মুখ্য সচিব আলোক কুমাৰে এক হলফনামাৰ জৰিয়তে ভাৰতৰ হৰ্ষ মন্দাৰ বনাম ইউনিয়ন অৱ ফৰেইনৰ অবৈধ নজৰবন্দীৰ কথা উত্থাপন কৰি এই প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ আহ্বানৰ পিছতেই ৰাজ্য চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে উচ্চতম ন্যায়ালয়। 

ভিত্তিহীন কথাক লৈ নীতিবিৰুদ্ধ, আইন বিৰুদ্ধ বিষয় উপস্থাপনেৰে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ আহ্বান কৰাৰ বাবে মুখ্য সচিবক ভৰ্ৎসনাও কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই সন্দৰ্ভত কয় যে অসম চৰকাৰে কেনেদৰে আশা কৰিব পাৰে যে ভাৰতত থকাৰ অধিকাৰ নথকা কোনো লোকক দেশত থকাৰ অনুমতি প্ৰদানৰ নিৰ্দেশ দিব উচ্চতম ন্যায়ালয়ে?

এক এবৈধ নিৰ্দেশ দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ক আহ্বান জনোৱাৰ বাবে শীঘ্ৰেই মুখ্য সচিব আলোক কুমাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে। স্মৰ্তব্য যে আলোক কুমাৰে দাখিল কৰা হলফনামাখনত উল্লেখ কৰা হৈছে যে আশ্ৰয় শিবিৰত পাচবছৰৰ অধিক কাল কটোৱা বিদেশী লোকসকলে ৫ লাখ টকা জমা দি আৰু লগতে ঠিকনাৰ সবিশেষ তথা চকুৰ বায়োমেট্ৰিক প্ৰদান কৰি মুকলি আকাশৰ তললৈ ওলাব পাৰে।

Banner

উচ্চতম ন্যায়ালয়