টি-২০ ক্ৰিকেটলৈ পুনৰ উভতি আহিছে যুৱৰাজ সিং

Thursday, 04 June 2020

দৈনিক বাতৰি

টি-২০ ক্ৰিকেটলৈ পুনৰ উভতি আহিছে যুৱৰাজ সিং

জিপ্লাছ ব্যুৰ’ | July 26, 2019 16:18 hrs

স্প’ৰ্টছ ডেস্ক - প্রাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিং পুনৰ উভতি আহিছে খেলপথাৰলৈ। আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে পুনৰ বেট হাতত লৈ ক্ৰিজলৈ আহিছে ভাৰতৰ টি-২০ বিশ্বকাপ জয়ী দল তথা ৫০ অভাৰৰ বিশ্বকাপ জয়ী দল সদস্য তথা দুয়োখন বিশ্বকাপৰেই শ্ৰেষ্ঠ খেলুৱৈ যুৱৰাজ সিং।

ইতিমধ্যে বৃহস্পতিবাৰে কানাডাৰ এন্টাৰিওত ‘টৰণ্টো নেশ্যনেলছ' দলৰ অধিনায়ক হিচাপে তেওঁ অংশ গ্ৰহণ কৰিছে ‘গ্লোবেল টি ২০ কানাডা ২০১৯'-ত। উল্লেখ্য যে বিগত ১০ জুনত আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যুৱৰাজ সিঙে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আহিলেও বিশ্বজুৰি বিভিন্ন টি ২০ লীগ বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যুৱৰাজে।

একেই উদ্দেশ্যে ছিক্সাৰ কিংখ্যাত যুৱৰাজ সিং কানাডালৈ আহিছে ‘গ্লোবেল টি২০ কানাডা ২০১৯'-ত অংশগ্ৰহণ কৰিবলৈ। অৱসৰ ঘোষণাৰ পিছতেই যুৱৰাজে প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিছে। ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে প্রথম মেচত অংশগ্ৰহণ কৰিছে ‘ভেংকুৱৰ নাইটছ'ৰ বিৰুদ্ধে। এই দলৰ অধিনায় ক্রিছ গেইল।

এই প্ৰতিযোগিতাত যুৱৰাজ সিং আৰু ক্রিছ গেইলৰ উপৰিও কেইৰণ পোলার্ড, ব্র্যাণ্ডন মেককুলাম, আন্দ্ৰে ৰাছেল আদিয়েও অংশগ্ৰহণ কৰিছে।