কেব বিৰোধী ৰণহুংকাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ
AD Banner
দৈনিক বাতৰি

কেব বিৰোধী ৰণহুংকাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ

জিপ্লাছ নিউজ ডেস্ক | December 05, 2019 13:34 hrs

৫ ডিচেম্বৰ, গুৱাহাটী : নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও মানি নলও। ৰাজ্যত কেব গৃহীতকৰণৰ বিৰুদ্ধে গৰজি উঠিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। কালি দিল্লীৰ কেবিনেট বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ অনুমোদন জনোৱাৰ পাছতেই ৰাজ্যাৰ বিভিন্ন দল সংগঠনসমূহ জাঙুৰ খাই আহিছে। 

অহা ৬ ডিচেম্বৰত কটনিয়ান ৰণহুংকাৰ কাৰ্যসূচী আয়োজন কৰে।এই কাৰ্যসূচীত জুবিন গাৰ্গেও অংশগ্ৰহণ কৰিব বুলি এক ভিযিঅ’যোগে কয়- ‘৬ ডিচেম্বৰত ৰণহুংকাৰ। কটন কলেজত আমাৰ কাৰ্যসূচী। কেব কেতিয়াও আমি মানি নলও, কোনো ছাত্ৰ সংগঠনে মানি লোৱা নাই, আমিও নলও, অসমীয়া জাতিৰ কাৰণে আমি সদায় আছো, ৰাজনীতি নচলিব আমাৰ লগত।’ লগতে প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো দল-সংগঠনৰ সকলোকে  এই জাতিধ্বংসী বিধেয়কখনৰ  বিৰুদ্ধে মাত মতাৰ আহ্বান জনাই কণ্ঠশিল্পীগৰাকীয়ে।   

ইপিনে আজি ৩০ টাকৈ দল সংগঠনে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজধানীৰ চৌহদ কঁপাই তোলে।

AD Banner